Ecclesiastes 12

1যি দুখৰ দিন আৰু বছৰ কেইটাৰ বিষয়ে তুমি ক’বা, “এইবোৰত মোৰ সন্তোষ নাই”, 2এইবোৰ নৌ আহোঁতেই, বা যি কালত ঘৰ-ৰখীয়াবিলাক কঁপিব, বলৱন্ত মানুহবিলাক দোঁ খাব, জাঁত পিহা তিৰোতাবোৰ তাকৰ হোৱাত সিহঁতে পিহিবলৈ এৰিব, খিৰিকী দুৱাৰেদি চাওঁতাবিলাক অন্ধকাৰময় হব,

3বাটৰ ফালৰ দুৱাৰ বন্ধ হব, যি কালত জাঁতৰ শব্দ অতি সৰু হব, এটি চৰাইৰ মাততে মানুহ উঠিব, গায়িকাবিলাকে সৰু মাতেৰে গাব,

4যি কালত ওখ ঠাই পালেই মানুহে ভয় খাব, বাটত নানা ত্ৰাসজনক বস্তু পাব, বাদাম গছ ফুলিব, ফৰিঙেই ভাৰ যেন বোধ হব, আৰু অবিয়োনা গছৰ গুটিৰ গুণ নধৰিব, (কিয়নো মানুহ তেওঁৰ অনন্ত ঘৰলৈ যাব লগা হয়, আৰু বিলাপ কৰোঁতাবিলাকে বাটত ফুৰে;)

5সুৰ্য্য আৰু তাৰ দীপ্তি, চন্দ্ৰ আৰু তৰাবোৰ অন্ধকাৰময় হোৱা, আৰু বৰষুণৰ পাছত পুনৰায় ডাৱৰ কৰা এনে কাল নৌ আহোঁতেই,

6বাৰূপৰ গুণা নৌ ছিগোতেই, দীপাধাৰৰ সোণৰ তেল পাত্ৰ, ভুমুকৰ পাৰত থকা কলহ, আৰু নাদত চক্ৰ নৌ ভাগোতেই, 7আৰু ধুলি আগৰ দৰেই মাটিত লীণ নৌ হওঁতেই, আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নৌ যাওঁতেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।

8উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।

উপসংহাৰ

9তদুপৰি উপদেশক জ্ঞানৱান হোৱাত, তেতিয়াও তেওঁ লোকবিলাকক জ্ঞান শিক্ষা দিছিল। এনে কি, তেওঁ বিবেচনা কৰি মনতে বিচাৰি বিচাৰি অনেক নীতি বাক্য ৰচনা কৰিছিল।

10উপদেশকে মনোহৰ বাক্য আৰু সৰলভাবে লিখা কথা অৰ্থাৎ সত্য বচন পাবলৈ অনুসন্ধান কৰিছিল।

11জ্ঞানীবিলাকৰ বাক্য কাঁটিস্বৰূপ, আৰু সভাপতিবিলাকৰ বাক্য ভালকৈ মৰা গজাল স্বৰূপ; সেইবোৰ একেজনা ৰখীয়াৰ দ্বাৰাই দিয়া হৈছে।

12তদুপৰি, হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; বহু পুথিৰ ৰচনাৰ শেষ, নহয়, আৰু অধিক অধ্যয়ণে শৰীৰ ক্লান্ত কৰে।

13আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এইয়ে মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম। 14কাৰণ ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ে সৈতে সকলো কৰ্ম্ম বিচাৰ স্থানলৈ আনিব।

Copyright information for AsmULB